সকলো চাকৰি Update পাই থাকিবলৈ তলৰ Links ৰ পৰা Join হৈ ল'ক এতিয়াই :
8473859389 ( WhatsApp ত Msg কৰাৰ লগে লগে Reply নাপালে অনুগ্ৰহ কৰি অলপ অপেক্ষা কৰিব)
এই আঁচনিত ২ কিলোৱাট ক্ষমতা পৰ্যন্ত ব্যৱস্থাৰ বাবে সৌৰ ইউনিটত ব্যয়ৰ ৬০% আৰু ২ ৰ পৰা ৩কিলোৱাট ক্ষমতাৰ ব্যৱস্থাৰ বাবে অতিৰিক্ত ব্যৱস্থা ব্যয়ৰ ৪০ শতাংশ ৰাজসাহায্যৰ ব্যৱস্থা কৰা হৈছে। এই ৰাজসাহায্যৰ সীমা ৩ কিলোৱাট ক্ষমতাত সীমিত (capped) কৰা হৈছে। বৰ্তমানত ইয়াৰ অৰ্থ হ’ব ১ কিলোৱাট ব্যৱস্থাৰ বাবে ৩০,০০০ টকা, ২ কিলোৱাট ব্যৱস্থাৰ বাবে ৬০,০০০ টকা আৰু ৩ কিলোৱাট ব্যৱস্থাৰ বাবে ৭৮,০০০ টকা ধাৰ্য কৰিব।
এই অভিলাষী আঁচনিৰ বাবে কোনেসকল লোকে আবেদন কৰিব পাৰিব?
1.আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব।
2.সৌৰ পেনেল সংস্থাপনৰ বাবে উপযোগী ছাঁদ থাকিব লাগিব।
3.ঘৰখনত বৈধ বিদ্যুতৰ সংযোগ থাকিব লাগিব!
4.ঘৰখন সৌৰ পেনেলৰ বাবে আন কোনো ৰাজসাহায্য লাভ কৰা হ’ব নালাগিব।
প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ বাবে কেনেদৰে আবেদন কৰিব?
প্ৰথমে, আগ্ৰহী উপভোক্তাসকলে ৰাষ্ট্ৰীয় পৰ্টেল www.pmsuryaghar.gov.in ত পঞ্জীয়ন কৰিব লাগিব। ৰাজ্য আৰু বিদ্যুৎ বিতৰণ কোম্পানী বাছনিৰে এয়া সম্পন্ন কৰিব লাগিব। এই ৰাষ্ট্ৰীয় প’ৰ্টেলে পৰিয়ালসমূহক প্ৰাসংগিক তথ্য যেনেঃ উপযুক্ত ব্যৱস্থাৰ আকাৰ, সুবিধা কেলকুলেটৰ, ভেণ্ডৰ ৰেটিং আদি প্ৰদানেৰে সহায় কৰিব। উপভোক্তাসকলে সংস্থাপন কৰিব বিচৰা ছাঁদৰ ওপৰৰ সৌৰ ইউনিটৰ ভেণ্ডৰ বাছি ল’ব পাৰে।
সৌৰ ইউনিটৰ বিত্তীয় সাহায্যৰ বাবে এজন উপভোক্তাই ঋণৰ সুবিধা লাভ কৰিবনে?
৩ কিলোৱাট পৰ্যন্ত আৱাসিক RTS ব্যৱস্থা সংস্থাপনৰ বাবে গৃহস্থীসমূহে বৰ্তমান প্ৰায় ৭% জামিন-বিহীন নিম্ন-সুতৰ ঋণৰ সুবিধা লাভ কৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে-সময়ে সিদ্ধান্ত লোৱা প্ৰচলিত ৰেপো হাৰৰ তুলনাত সুতৰ হাৰ ০.৫%ৰ ওপৰত নিৰ্ধাৰণ কৰা হৈছে। বৰ্তমান ৬.৫% ৰেপো ৰেট ৫.৫%লৈ হ্ৰাস পোৱাৰ ক্ষেত্ৰত উপভোক্তাৰ বাবে কাৰ্যকৰী সুতৰ হাৰ বৰ্তমানৰ ৭%ৰ পৰিৱৰ্তে ৬% হ’ব।
ৰাজসাহায্যৰ লাভৰ বাবে কেনেদৰে আগবাঢ়িব লাগিব?
0 Comments