PM Surya Ghar Muft Bijli Yojana : ৩০০ ইউনিটলৈ বিনামূলীয়া হ’ব বিদ্যুৎ! কেনেকৈ কৰিব আৱেদন? কোনসকল লোকে পাব এই সুবিধা?

WhatsApp Channel Join Now
Telegram Group Join Now

PM Surya Ghar Muft Bijli Yojana: ৩০০ ইউনিটলৈ বিনামূলীয়া হ’ব বিদ্যুৎ! কেনেকৈ কৰিব আৱেদন? কোনসকল লোকে পাব এই সুবিধা?

PM Surya Ghar Muft Bijli Yojana In Assamese

দেশৰ কোটি-কোটি জনতালৈ প্ৰধানমন্ত্ৰী মোদীৰ অভিলাষী আঁচনি পিএম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা। ভাৰতৰ ১ কোটি পৰিয়ালক বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ লক্ষ্যৰে ৰূপায়ন কৰা এখন কেন্দ্ৰীয় আঁচনি।
solar rooftop images

সকলো চাকৰি Update পাই থাকিবলৈ তলৰ Links ৰ পৰা Join হৈ ল'ক এতিয়াই :





Common Note For ADRE, Health Grade-3/4 & Police Exam :


😍😊🙏✔️✔️✔️📢📢*DME* ৰ 2008 পদৰ Exam ৰ বাবে বা অসম চৰকাৰৰ দ্বিতীয় বৃহৎ নিযুক্তিৰ বাবে ( চন 2000-2021 চনলৈ ) বিভিন্ন পৰীক্ষাত আহি থকা পুৰনি প্ৰশ্ন কাকত সমূহৰ ওপৰত নিভৰ কৰি প্ৰস্তুত কৰা Common Pdf লবলৈ যোগা-যোগ কৰক :

8473859389 ( WhatsApp ত Msg কৰাৰ লগে লগে Reply নাপালে অনুগ্ৰহ কৰি অলপ অপেক্ষা কৰিব)




Common Note For ADRE, Health Grade-3/4 & Police Exam


দেশৰ কোটি-কোটি জনতালৈ প্ৰধানমন্ত্ৰী মোদীৰ অভিলাষী আঁচনি পিএম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা। ভাৰতৰ ১ কোটি পৰিয়ালক বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ লক্ষ্যৰে ৰূপায়ন কৰা এখন কেন্দ্ৰীয় আঁচনি। এই আঁচনিয়ে ঘৰৰ ছাঁদৰ ওপৰত সৌৰ বিদ্যুৎ ইউনিট সংস্থাপনৰ পোষকতা কৰিছে মোদী চৰকাৰে। ইয়াৰ জৰিয়তে পৰিয়ালসমূহে প্ৰতিমাহে ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিবলৈ সক্ষম হ’ব। ২৯ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে এই অভিলাষী আঁচনিৰ। ইয়াৰ বাবদত কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ৭৫,০২১ কোটি টকা।

পিএম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাই কেনেদৰে কাম কৰিব?

এই আঁচনিত ২ কিলোৱাট ক্ষমতা পৰ্যন্ত ব্যৱস্থাৰ বাবে সৌৰ ইউনিটত ব্যয়ৰ ৬০% আৰু ২ ৰ পৰা ৩কিলোৱাট ক্ষমতাৰ ব্যৱস্থাৰ বাবে অতিৰিক্ত ব্যৱস্থা ব্যয়ৰ ৪০ শতাংশ ৰাজসাহায্যৰ ব্যৱস্থা কৰা হৈছে। এই ৰাজসাহায্যৰ সীমা ৩ কিলোৱাট ক্ষমতাত সীমিত (capped) কৰা হৈছে। বৰ্তমানত ইয়াৰ অৰ্থ হ’ব ১ কিলোৱাট ব্যৱস্থাৰ বাবে ৩০,০০০ টকা, ২ কিলোৱাট ব্যৱস্থাৰ বাবে ৬০,০০০ টকা আৰু ৩ কিলোৱাট ব্যৱস্থাৰ বাবে ৭৮,০০০ টকা ধাৰ্য কৰিব।

এই অভিলাষী আঁচনিৰ বাবে কোনেসকল লোকে আবেদন কৰিব পাৰিব?

1.আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব।


2.সৌৰ পেনেল সংস্থাপনৰ বাবে উপযোগী ছাঁদ থাকিব লাগিব।


3.ঘৰখনত বৈধ বিদ্যুতৰ সংযোগ থাকিব লাগিব!

4.ঘৰখন সৌৰ পেনেলৰ বাবে আন কোনো ৰাজসাহায্য লাভ কৰা হ’ব নালাগিব।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ বাবে কেনেদৰে আবেদন কৰিব?

প্ৰথমে, আগ্ৰহী উপভোক্তাসকলে ৰাষ্ট্ৰীয় পৰ্টেল www.pmsuryaghar.gov.in ত পঞ্জীয়ন কৰিব লাগিব। ৰাজ্য আৰু বিদ্যুৎ বিতৰণ কোম্পানী বাছনিৰে এয়া সম্পন্ন কৰিব লাগিব। এই ৰাষ্ট্ৰীয় প’ৰ্টেলে পৰিয়ালসমূহক প্ৰাসংগিক তথ্য যেনেঃ উপযুক্ত ব্যৱস্থাৰ আকাৰ, সুবিধা কেলকুলেটৰ, ভেণ্ডৰ ৰেটিং আদি প্ৰদানেৰে সহায় কৰিব। উপভোক্তাসকলে সংস্থাপন কৰিব বিচৰা ছাঁদৰ ওপৰৰ সৌৰ ইউনিটৰ ভেণ্ডৰ বাছি ল’ব পাৰে।

সৌৰ ইউনিটৰ বিত্তীয় সাহায্যৰ বাবে এজন উপভোক্তাই ঋণৰ সুবিধা লাভ কৰিবনে?

৩ কিলোৱাট পৰ্যন্ত আৱাসিক RTS ব্যৱস্থা সংস্থাপনৰ বাবে গৃহস্থীসমূহে বৰ্তমান প্ৰায় ৭% জামিন-বিহীন নিম্ন-সুতৰ ঋণৰ সুবিধা লাভ কৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে-সময়ে সিদ্ধান্ত লোৱা প্ৰচলিত ৰেপো হাৰৰ তুলনাত সুতৰ হাৰ ০.৫%ৰ ওপৰত নিৰ্ধাৰণ কৰা হৈছে। বৰ্তমান ৬.৫% ৰেপো ৰেট ৫.৫%লৈ হ্ৰাস পোৱাৰ ক্ষেত্ৰত উপভোক্তাৰ বাবে কাৰ্যকৰী সুতৰ হাৰ বৰ্তমানৰ ৭%ৰ পৰিৱৰ্তে ৬% হ’ব।

ৰাজসাহায্যৰ লাভৰ বাবে কেনেদৰে আগবাঢ়িব লাগিব?

  • প্ৰথম স্তৰ- নিম্ন উল্লেখিত বিষয়সমূহৰ উল্লেখেৰে পৰ্টেলত পঞ্জীয়ন। আপোনাৰ ৰাজ্য আৰু বিদ্যুৎ বিতৰণ কোম্পানী বাছনি কৰক। আপোনাৰ বিদ্যুৎ উপভোক্তা নম্বৰ, ম’বাইল নম্বৰ আৰু ইমেইল সন্নিৱিষ্ট কৰক।
  • দ্বিতীয় স্তৰ- উপভোক্তা নম্বৰ আৰু ম’বাইল নম্বৰেৰে লগইন কৰক। প্ৰ-পত্ৰ অনুসৰি ৰুফটপ ছ’লাৰৰ বাবে আবেদন কৰক।
  • তৃতীয় স্তৰ- এবাৰ অনুমোদন লাভ কৰা মাত্ৰেকে, যিকোনো পঞ্জীয়নভুক্ত ভেণ্ডৰে প্লান্টটো স্থাপন কৰিব পাৰে
  • চতুৰ্থ স্তৰ- সংস্থাপন সম্পূৰ্ণ হ’লে প্লাণ্টৰ সবিশেষ জমা দিব আৰু নেট মিটাৰৰ বাবে আবেদন কৰিব।
  • পঞ্চম স্তৰ- নেট মিটাৰ সংস্থাপন আৰু ডিচকমে (DISCOM) পৰিদৰ্শনৰ পিছত পৰ্টেলৰপৰা কমিচনিং প্ৰমাণপত্ৰ লাভ কৰিব।
  • ষষ্ঠ স্তৰ- কমিচনিং ৰিপ’ৰ্ট লাভ কৰা মাত্ৰেকে পৰ্টেলটোৰ জৰিয়তে বেংক একাউন্টৰ সবিশেষ আৰু ‘কেনচেলড’ চেক জমা দিব। ইয়াৰ পৰা, ৩০ দিনৰ ভিতৰত আপুনি আপোনাৰ বেংক একাউণ্টত আপোনাৰ ৰাজসাহায্য লাভ কৰিব।

পৰিয়ালসমূহে এখনে কিয় ছাদৰ ওপৰৰ সৌৰ আঁচনি ৰূপায়ণ কৰিব লাগে?

এয়া অতিশয় সাশ্ৰয়ী। ইয়াৰ জৰিয়তে বিদ্যুতৰ বিল ৰাহিৰ লগতে ডিচকমক অতিৰিক্ত বিদ্যুৎ বিক্ৰীৰে অতিৰিক্ত উপাৰ্জন কৰিব পাৰিব!

প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ বিনামূলীয়া বিজুলী যোজনাই ৩ কিলোৱাট ক্ষমতাৰ ছাঁদৰ ওপৰৰ সৌৰ ইউনিট সংস্থাপনেৰে মাহে ৩০০ ইউনিট পৰ্যন্ত ব্যৱহাৰ কৰা পৰিয়ালৰ বাবে বছৰি প্ৰায় ১৫,০০০ টকাৰ নিশ্চিত সঞ্চয়ৰ অংগীকাৰ কৰিছে। এনে একোটা পৰিয়ালে নিজাকৈ বিদ্যুৎ উৎপাদন কৰিলে বিদ্যুতৰ বিলত প্ৰায় ১,৮০০ টকা – ১,৮৭৫ টকা ৰাহি হ’ব।

সৌৰ ইউনিটৰ বিত্তীয় সাহায্যৰ বাবে লাভ কৰা ঋণৰ ইএমআই ৬১০ টকা কৰ্তনৰ পিছতো প্ৰতিমাহে প্ৰায় ১,২৬৫ টকা বা বছৰি প্ৰায় ১৫,০০০ টকা সঞ্চয় হ’ব। ঋণৰ সুবিধা নোলোৱা পৰিয়ালসমূহৰ বাবে সঞ্চয় আৰু অধিক হ’ব। তদুপৰি, নবীকৰণযোগ্য শক্তিৰ অভিযোজনাৰে ই এটি সেউজ গ্ৰহৰ দিশত অৰিহণা যোগোৱাৰ এক সুযোগ হিচাপে পৰিগণিত হৈছে।

IMPORTANT LINKS :












Post a Comment

0 Comments

Close Menu